চলিত মাহত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটি বজাৰত ২১,৭৮৯ কোটি টকা আৰু ঋণৰ বজাৰত ৪,৬৪৬ কোটি টকা বিনিয়োগ কৰি ভাৰতীয় মূলধনী বজাৰত মুঠ বিনিয়োগ ২৬,৪৩৫ কোটি টকালৈ বৃদ্ধি কৰে । বিগত কেইমাহমানত ধনৰ ব্যাপক বহিঃগমনৰ পাছত এই সফলতা দেখা গৈছে। যোৱা নৱেম্বৰ মাহত বিদেশী বিনিয়োগৰাকীসকলে ইকুইটি বজাৰৰ পৰা ২১,৬১২ কোটি টকা আৰু অক্টোবৰ মাহত ৯৪,০১৭ কোটি টকা ওভতাই নিছিল। আকর্ষণীয়ভাৱে ছেপ্তেম্বৰ মাহত ইকুইটি বজাৰত বিদেশী প্রতিষ্ঠানগত বিনিয়োগ ৯ মাহৰ ভিতৰত সৰ্বাধিক ৫৭,৭২৪ কোটি টকালৈ বৃদ্ধি পাইছিল। চলিত বৰ্ষত এতিয়ালৈ বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ইকুইটি ৬৭৭০ কোটি আৰু ঋণৰ বজাৰত ১ লাখ ১১ হাজাৰ ৭০৪ কোটি টকা বিনিয়োগ কৰাৰ ফলত চলিত বছৰত ভাৰতীয় মূলধনী বজাৰত মুঠ বিনিয়োগ প্রায় ১ লাখ ২০ হাজাৰ কোটি টকা হৈছেগৈ।
Assamese | December 22, 2024 8:22 PM | FPI
চলিত মাহত বিদেশী বিনিয়োগকাৰীৰ ভাৰতীয় মূলধনী বজাৰত ২৬ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ