চলিত মাহটো ৰাজ্যখনত মেলেৰিয়া প্ৰতিৰোধী মাহ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে জিলাখনত সজাগতাৰ কাৰ্যসূচী লোৱাৰ লগতে ৪৯ হাজাৰ ৪৮৪টা তেজৰ নমুনা সংগ্ৰহ কৰিছে। গোৱালপাৰা জিলাতো এখন সজাগতা সভাৰ জৰিয়তে আনুষ্ঠানিকভাবে মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰা হয়। জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা০ জয়ন্ত কুমাৰে দাসে মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ কৰে। এই মাহটোত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ আশা কৰ্মীৰ লগতে স্বাস্থ্যকর্মীসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।
Assamese | June 5, 2024 6:31 PM | Aniti-Maleria Day
চলিত মাহটো অসমত মেলেৰিয়া প্ৰতিৰোধী মাহ হিচাপে পালন