March 31, 2024 6:55 PM | Nirmala Sitharaman

printer

চলিত বিত্তীয় বৰ্ষৰ চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ’বঃ বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চলিত বিত্তীয় বৰ্ষত চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ’ব। মুম্বাইত আয়োজিত এখন বিনিয়োগ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত মুদ্রাস্ফীতি ব্যৱস্থাপনা আৰু স্থূল অর্থনৈতিক সুস্থিৰতাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত অৰ্থব্যৱস্থাৰ বিকাশ হাৰ একেই হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰত এছিয়াৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থা। অক্টোবৰৰ পৰা ডিচেম্বৰ পৰ্যন্ত ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৮.৪ শতাংশ আছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই হাৰ পূৰ্বৰ ত্ৰিমাষিকৰ ৭.৬ শতাংশৰ তুলনাত অধিক বুলিও শ্ৰীমতী সীতাৰমনে প্ৰকাশ কৰে। তেওঁ কয় যে তৃতীয় ত্ৰিমাৰ্ষিকত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৮.৪ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত বিভিন্ন অর্থনৈতিক প্রতিষ্ঠানে ভাৰতৰ বাবে নিজৰ মুঠ ঘৰুৱা উৎপাদন সম্পৰ্কীয় পূর্বানুমান বৃদ্ধি কৰিছে। এইক্ষেত্ৰত গোল্ডমেন চাক্স নামৰ গোলকীয় বিত্তীয় প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা পূৰ্বানুমান শেহতীয়া বুলি বিবেচিত হৈছে। প্ৰতিষ্ঠানটোৱে আগৰ পূৰ্বানুমান ১০ আধাৰপইণ্ট বৃদ্ধি কৰি ২০২৪ বৰ্ষত ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ’ব বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।