আজি অশোকাষ্টমী। চ’ত মাহৰ শুক্ল অষ্টমী তিথিত অশোকাষ্টমী পালন কৰা হয়। আজিৰ দিনটোত ব্ৰহ্মপুত্ৰ, গংগা আৰু যমুনাৰ ত্রিবেণী সংগম হয়। যাৰ বাবে মৃতকৰ অস্থি প্ৰদান, পিণ্ডদান তথা বৰলুইতত স্নান কৰিলে মোক্ষ প্রাপ্তি হয় বুলি লোক পৰম্পৰা চলি আহিছে। এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুকুণ্ডত পিতৃ-মাতৃৰ পিণ্ডদান, অস্থি প্ৰদান আৰু স্নানৰ বাবে আজি অগণন লোকৰ সমাগম হয় । ইপিনে, কামৰূপ জিলাৰ বিভিন্ন নৈ-উপনৈৰ ঘাটতো হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। জিলাখনৰ শুৱালকুছিৰ বালিচৰ, আমিনগাঁও, উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ লগতে ৰঙিয়াৰ জয়ন্তীপুৰৰ বৰলীয়া, বকোৰ জলজলী, ছয়গাঁৱৰ কলহী আদি নৈৰ ঘাটতো বহু লোকৰ সমাগম হয়। আনহাতে, বস্ত্ৰনগৰী শুৱালকুছিত হাজোৰ শ্ৰী শ্ৰী মাধৱ প্ৰভুক ব্ৰহ্মপুত্ৰত স্নান কৰোৱাৰ ঐতিহ্যমণ্ডিত পৰম্পৰাক কেন্দ্ৰ কৰি বালিচৰত সাতদিনীয়া কাৰ্যসূচীৰে অশোকাষ্টমী মেলা অনুষ্ঠিত হৈছে। আজি মাধৱ প্ৰভুসহ সপ্ত গোঁসাইক পবিত্ৰ ব্ৰহ্মপুত্ৰত স্নান কৰোৱা হ’ব।
Assamese | April 16, 2024 12:31 PM | Ashokastami Day
চ’ত মাহৰ শুক্ল অষ্টমী তিথিত অশোকাষ্টমী পালন