চত্তিশগড়ৰ বাস্তাৰত সুৰক্ষা কৰ্মীসকলৰ সৈতে দীপাৱলী উদযাপন কৰি প্ৰধানমন্ত্ৰীৰ এইবাৰৰ দীপাৱলী বিশেষ বুলি মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ বাস্তাৰত সুৰক্ষা কৰ্মীসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। দেশৰ সীমান্তৰ পহৰা আৰু শান্তি শৃংখলা বৰ্তাই ৰখাৰ কামত নিয়োজিত সৈনিকসকলক সম্বোধন কৰি শ্রীমোদীয়ে তেওঁলোকক নিজৰ পৰিয়ালৰ সদস্য বুলি অভিহিত কৰে।

তেওঁ কয়, যে তেওঁ ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে সমর্পনৰ মনোভাবেৰে নিয়োজিত সাহসী পুৰুষ আৰু মহিলাসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ উদ্দেশ্যে বাস্তাৰলৈ গৈছে।

তেওঁ কয়, যে সুৰক্ষা কৰ্মীসকলৰ ত্যাগ আৰু নিষ্ঠাৰ বাবে এসময়ত নক্সাল প্ৰভাৱিত বাস্তাৰত সম্প্রতি শান্তি আৰু উন্নয়নৰ নতুন যুগৰ সূচনা হৈছে। এইবাৰৰ দীপাৱলীক বিশেষ বুলি উল্লেখ কৰি শ্রী মোদীয়ে কয়, যে দেশে নক্সালবাদ আৰু মাওবাদী হিংসাৰ বিৰোধী দশক দশক পুৰণি যুঁজত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰিছে।

দেশৰ প্ৰতিখন জিলা নক্সালবাদৰ আৰু লাখ লাখ লোক নক্সালবাদী হিংসাৰ বিভিষিকাৰ পৰা মুক্ত হোৱাৰ পাছত উদযাপিত এইবাৰৰ দীপাৱলী বিশেষ তাৎপর্যপূর্ণ বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।