চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত চাৰিজন মাওবাদী নিহত হয়। নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা ছেলফ লোডিং ৰাইফল সহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। বিজাপুৰ জিলাৰ দক্ষিণ-পশ্চিম প্রান্তত ভালে সংখ্যক মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা গুলীয়াগুলীত এই মাওবাদীকেইজন নিহত হয়। অঞ্চলটোত কালি বিয়লিৰে পৰা সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত ছেগা-চোৰোকাকৈ গুলীয়াগুলী চলি আছে।
Assamese | July 27, 2025 11:17 AM | Chhattisgarh incident
চত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত চাৰিজন মাওবাদী নিহত