September 15, 2024 6:51 PM | 4th Global Bio-India 2024

printer

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন নতুন দিল্লীত সফলতাৰে সম্পন্ন

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন কালি নতুন দিল্লীত সফলতাৰে সম্পন্ন হয়। এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু আছিল জৈৱ প্ৰযুক্তিগত উদ্ভাৱন আৰু জৈৱ সামগ্ৰী নিৰ্মাণৰ সম্ভাৱনা আৰু জৈৱ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ। দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰৰ কেইবাটাও ষ্টাৰ্ট আপ প্রতিষ্ঠানে এই সন্মিলনত ১১ বিধ সা-সামগ্ৰী মুকলি কৰে। এই প্ৰদৰ্শনীত জৈৱ বিজ্ঞানৰ ক্ষেত্ৰত দেশৰ উদীয়মান প্ৰতিভাৰ প্ৰদৰ্শন কৰা হয়।