তেলেংগানাৰ সীমান্তৱৰ্তী চট্টিছগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ মুলুগী জিলাৰ সমীপৰ পুজৰী কানকেড় অৰণ্যত সুৰক্ষা বাহিনীৰ সৈতে মাওবাদীৰ গুলীৰ বিনিময় হয়। এটা সূত্ৰৰ পৰা খবৰ পাই অৰণ্যখনত সুৰক্ষী বাহিনীয়ে অভিযান চলাইছিল। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে ৪৭, এটা এল এম জি আৰু এটা টুৱেল্ভ ব’ৰৰ বন্দুক উদ্ধাৰ কৰে । নিহত মাওবাদীকেইজনৰ এজনক সন্তোষ ওৰফে সাগৰ বুলি চিনাক্ত কৰা হৈছে।
Assamese | April 6, 2024 4:50 PM | Chattishgarh | Three Naxalites killed
চট্টীশগড়ৰ বিজাপুৰত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু