August 3, 2026 12:17 PM | commonwealth-games

printer

গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছৰ সামৰণি

১১ দিন বিভিন্ন শিতানত তুমুল প্রতিদ্বন্দ্বিতাৰ পাছত গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছৰ কালি সামৰণি পৰে। ছাৰ্লছ তৃতীয়ক প্রতিনিধিত্ব কৰা প্রিন্স এডৱাৰ্ড, ডিউক অব এডিনবার্গে আনুষ্ঠানিকভাৱে এই প্রতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেটন অর্পণ কৰা হয়। উল্লেখযোগ্য যে ২০৩০ চনৰ কমনরেল গেমছ আহমেদাবাদত অনুষ্ঠিত হ’ব। স্কটলেণ্ডৰ বিষয়াই কমনৱেল্থ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্রতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্রী হর্ষ সংঘৱীৰ হাতত অর্পণ কৰে। কালিৰ সামৰণি অনুষ্ঠানত ভাৰত-স্ক’টিছ সংস্কৃতিৰ সমন্বয় দেখিবলৈ পোৱা যায়। ভাবতে এইবাৰৰ কমনৱেল্থ গেমছত ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰণ্ডসহ মুঠ ৩৯টা পদক জয়েৰে চতুর্থ স্থানত থাকে।