গোৱালপাৰা জিলাৰ কুৰুৱাভাষাত আয়োজিত ফাৰকান্তি আৰু হামজাৰ নৃত্যৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ উদ্যোগত আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সাহায্যত গোৱালপাৰা জিলাৰ কুৰুৱাভাষা ৰাজহুৱা ভৱনত আয়োজিত ফাৰকান্তি আৰু হামজাৰ নৃত্যৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিধায়কগৰাকীয়ে নিজৰ ভাষণত সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰে।

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদে জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰাক লৈ তেওঁ সন্তুষ্টি প্রকাশ কৰে।

এনে প্ৰশিক্ষণৰ জৰিয়তে লোক-কৃষ্টিসমূহ জীয়াই ৰখাৰ ওপৰি নৱ প্ৰজন্মই বিশ্ব দৰবাৰত নিজৰ সংস্কৃতিক পৰিচয় কৰাই দিবলৈ সুযোগ লাভ কৰিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।