July 25, 2026 9:21 PM | goalpara tourism

printer

গোৱালপাৰাৰ ঐতিহাসিক উপদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে জিলা প্রশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

গোৱালপাৰা জিলাৰ ঐতিহাসিক উপদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলা প্রশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় ৩ হাজাৰ ৫০০ বিঘা আয়তনৰ এই বিলখনৰ পানী ক্রমান্বয়ে শুকাই যোৱাৰ ফলত বিলখন সংকোচিত হৈ পৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে এই বিলখনক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হব বুলি উল্লেখ কৰি ইয়াৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক দিয়া নিৰ্দেশৰ পাছতে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে আজি বন সংমণ্ডল প্ৰাধিকাৰীৰ সৈতে বিলখন পৰিদৰ্শন কৰি জিনাৰি নৈৰ পৰা পানী সোমাব পৰাকৈ কালভার্ট নির্মাণৰ বিষয়ে আলোচনা কৰে। 

উল্লেখযোগ্য যে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰীক্ষণ টাৱাৰ স্থাপন, গছপুলি ৰোপণ আৰু মথাউৰি নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো প্লাষ্টিকমুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে।