ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- আই এফ এফ আইৰ ৫৫ সংখ্যক সংস্কৰণ আজি গোৱাত আৰম্ভ হ’ব। গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্রমোদ সাৱন্তে কালি এই মহোৎসৱ হ’বলগীয়া ড০ শ্যামা প্রসাদ মুখার্জী ষ্টেডিয়ামত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে।ইপিনে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে আকাশবাণীৰ বাতৰি বিভাগক জনোৱা অনুসৰি মহোৎসৱত এইবেলি ভালেমান নতুন শিতান সংযোজন কৰা হৈছে। এই শিতানসমূহ যুৱ চলচ্চিত্র নির্মাতাসকলৰ প্ৰতি লক্ষ্য ৰাখি সংযোজন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে ক্রিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’, অর্থাৎ ভৱিষ্যতৰ সৃষ্টিশীল মন মঞ্চত ১০০ গৰাকী অংশগ্ৰহণকাৰীয়ে সৃষ্টিশীলতা প্রদর্শন কৰিব। এইবাৰৰ মহোৎসৱত ১০০খন দেশৰ ৪০০ৰো অধিক চলচ্চিত্র প্রদর্শিত হ’ব বুলি তেওঁ প্ৰকাশ কৰে। অহা ২৮ নৱেম্বৰত এই মহোৎসৱৰ সামৰণি পৰিব।
Assamese | November 20, 2024 11:54 AM | iffi
গোৱাত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৫ সংখ্যক সংস্কৰণ আৰম্ভ