ভাৰত শক্তি সপ্তাহ অহা ২৭ জানুৱাৰীৰ পৰা গোৱাত অনুষ্ঠিত হ’ব। এই চাৰিদিনীয়া অনুষ্ঠানত চৰকাৰী বিষয়া, উদ্যোগ জগতৰ কাণ্ডাৰী আৰু উদ্ভাৱকসকলে নিৰাপদ, স্থায়ী আৰু বহনসাধ্য শক্তি ভৱিষ্যতৰ প্ৰসাৰৰ চেষ্টা চলাব। পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই অনুষ্ঠানত শক্তি সুৰক্ষা সুদৃঢ় কৰা, বিনিয়োগৰ প্ৰসাৰ আৰু কাৰ্বন নির্গমন কম কৰাৰ বাবে ব্যৱহাৰিক তথা ব্যাপক উপায় বিকশাই তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। আমেৰিকা, ইউৰোপ, মধ্য প্ৰাচ্য, আফ্ৰিকা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতিনিধিসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ বিশ্ব শক্তি দৃষ্টিভংগী-২০২৫ অনুসৰি, অকল ভাৰততে ২০৫০ চনলৈ শক্তি চাহিদা ২৩ শতাংশৰো অধিক বৃদ্ধি পাব। ভাৰতে দীর্ঘকালীন শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ঘৰুৱা অন্বেষণ আৰু আন্তঃগাঁথনি সুদৃঢ়কৰণৰ কাম অব্যাহত ৰাখিছে।
Assamese | January 7, 2026 12:58 PM | India Energy Week
গোৱাত অহা ২৭ জানুৱাৰীৰ পৰা ভাৰত শক্তি সপ্তাহ