August 10, 2026 9:22 PM | Golaghat DC

printer

গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা বৈঠক

গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত চলি থকা বিভিন্ন কাম-কাজ আৰু আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শ‍ইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্ত, গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকন আদিৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ খোৱাপানী যোগান, অনাময় ব্যৱস্থা, চলি থকা বিভিন্ন আঁচনি আৰু জনসেৱা প্ৰদানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ লগতে জনসাধাৰণক উন্নত সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।