July 25, 2025 8:06 PM | Dr Ranoj Pegu Meet

printer

গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন

বিশিষ্ট ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অহা ১ আগষ্টত ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। স্মৃতি ন্যাসৰ অধ্যক্ষ তথা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এটা প্ৰেছ বিবৃতি যোগে এই অনুষ্ঠানৰ কথা প্ৰকাশ কৰাৰ লগতে টাবুৰাম টাইড স্মৃতি ন্যাসৰ সৌজন্যত প্ৰদান কৰিবলগীয়া ২০২৫ বৰ্ষৰ সাহিত্য বঁটাসমূহ ঘোষণা কৰে। বিশিষ্ট সাহিত্যক য়েছে দৰজে ঠংছিলৈ ২০২৫ বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা আগবঢ়োৱা হৈছে। মিচিং ভাষাৰ বিশিষ্ট লেখক ডাঃ বিদ্যেশ্বৰ দললৈ টাবুৰাম টাইড মিচিং সাহিত্য বঁটা আগবঢ়োৱা হৈছে। একেদৰে জনগোষ্ঠীয় পটভূমিত ৰচনা কৰা লাঙাদেউ নামৰ গ্ৰন্থখনৰ বাবে পংকজ কুমাৰ দত্তলৈ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। তদুপৰি পৰৱৰ্তী সময়ত টাবুৰাম টাইড অনুবাদ সাহিত্য বঁটা আৰু টাবুৰাম টাইড ফেল’শ্বিপ প্ৰদান কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।