June 13, 2026 8:02 PM | Amit sha

printer

গৃহমন্ত্ৰীৰ অধ্যক্ষতাত সীমান্তৱৰ্তী জিলাসমূহৰ জনগাথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে বিশেষ বৈঠক

গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৱৰ্তী জিলাসমূহৰ জনগাথনিমূলক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়োগক এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চল, মহানগৰসমূহ তথা ঔদ্যোগিক চহৰসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে জনগাথনিমূলক পৰিৱৰ্তন সম্পৰ্কীয় প্রত্যাহানসমূহৰ মুখামুখি হ’বলৈ কিছু পৰামৰ্শ আগবঢ়োৱাৰ লগতে অবৈধ প্ৰব্ৰজন তথা অন্যন্য অস্বাভাৱিক দিশসমূহৰ পৰা উদ্ভৱ হোৱা জনগাথনিমূলক পৰিৱৰ্তন পর্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।