July 13, 2025 8:20 PM | Children Festival

printer

গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সঁফুৰা বৃত্তি পৰীক্ষা আৰু সঁফুৰা টেলেণ্ট ডিছক’ভাৰী এনিমেচনত কৃতিত্ব সহকাৰে বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্রী ডাঃ পেগুৱে কয়, যে শিক্ষার্থীসকলে প্ৰাথমিক পৰ্যায়ৰ পৰাই জ্ঞানৰ ভেটিতো শক্তিশালী ৰূপত গঢ়িব লাগে। এইক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক সমাজে দায়বদ্ধতাৰে কাম কৰা বাঞ্ছনীয় বুলি তেওঁ কয়। ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্ব আৰু বৌদ্ধিক বিকাশৰ বাবে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বন্দিতা ফুকনে মোবাইলৰ অপব্যৱহাৰৰ পৰা ছাত্ৰ- ছাত্ৰীসকলক বিৰত থাকিবলৈ আহ্বান জনায়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, সঁফুৰাৰ মুখ্য সম্পাদক কুলধৰ শ‍ইকীয়াই শিক্ষার্থীক উদ্দেশ্যি মনোগ্রাহী ভাষণ দিয়ে। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই বৰ্ষত ৪৫ হাজাৰতৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে সঁফুৰা বৃত্তি পৰীক্ষা অৱতীৰ্ণ হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।