July 12, 2026 7:56 PM | Guwahati flood

printer

গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত কৃত্রিম বানৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি

গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্রবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাট অঞ্চলত হঠাতে কৃত্রিম বান হোৱাৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আৱদ্ধ হৈ পৰিছে।

গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে নমাইল আৰু দহ মাইলত বানৰ ফলত যোৱা যান-জট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰৰ পৰা নগাঁও আৰু উজনি অসমলৈ যাবলগীয়া বাহনসমূহক কইনাধৰা পইণ্টৰ পৰা নাৰেঙ্গী-সাতগাঁও পথটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

লগতে গুৱাহাটীলৈ আহি থকা বাহনসমূহক ডিগাৰু দিশেৰে মহানগৰত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ ছয়মাইল, খানাপাৰা, সাতগাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাবিক জীবনযাত্রা ব্যাহত হৈছে।