গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই চাৰি শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ ৭ মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে ৩০ দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবাদশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ ১৯ দশমিক ৯-২ শতাংশ দখলকাৰীৰ কৱলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টনপত্র বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ’ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ ৭ মাৰ্চত ১৫ দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছে।
Assamese | June 10, 2026 6:53 PM | Guwahati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দান