ন্যায়াধীশ কৌশিক গোস্বামীয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত ন্যায়াধীশ গোস্বামীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, বাৰ এছ’ছিয়েচনৰ সভাপতিকে ধৰি অন্যান্য অধিবক্তাসকল উপস্থিত থাকে।
Assamese | November 7, 2025 8:00 PM | HC - Oath
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে ন্যায়াধীশ কৌশিক গোস্বামীৰ শপত গ্ৰহণ