সদৌ অসম মইনা পাৰিজাতৰ ষোড়শ কেন্দ্ৰীয় পৰিষদৰ সভা আজি গুৱাহাটীৰ সৰুসজাইৰ পাৰিজাত প্ৰকল্প ক্ষেত্রত অনুষ্ঠিত হয়। মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মইনা পাৰিজাতৰ ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰি নতুন ৰূপৰেখা যুগুত কৰা হয়। তদুপৰি পঞ্চদশ ৰাজ্যিক পৰিষদৰ সভাৰ কাৰ্যবিৱৰণীও গ্ৰহণ কৰা হয়। এই সভাতেই পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। মন্ত্রী শ্রীমহন্তই এই অনুষ্ঠানৰ বিষয়ে সামাজিক মাধ্যমত উল্লেখ কৰি শিশুৰ শাৰিৰীক আৰু মনস্তাত্বিক উৎকর্ষ সাধনৰ বাবে মইনা পাৰিজাতৰ যাত্ৰা অব্যাহত থাকিব বুলি আশা প্রকাশ কৰে।
Assamese | November 1, 2026 8:11 PM | Moina Parijaat
গুৱাহাটীৰ সৰুসজাইৰ পাৰিজাত প্ৰকল্প ক্ষেত্রত সদৌ অসম মইনা পাৰিজাতৰ ষোড়শ কেন্দ্ৰীয় পৰিষদৰ সভা