গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগে কালি অভিযান চলাই ৫০ লাখৰো অধিক নগদ টকা আৰু ভালেসংখ্যক নথি- পত্র জব্দ কৰে। আয়কৰ বিভাগে গুৱাহাটী মহানগৰীৰ ৰুক্মিনীগাঁৱৰ জি এছ ৰোডত থকা ৰেটিনা চেণ্টাৰ নামৰ ডাঃ ছফিকউদ্দিন আহমেদ মালিকনাধীন চিকিৎসা প্রতিষ্ঠান আৰু তেওঁৰ বেলতলাত থকা বাসভৱনত কেইবাঘণ্টা ধৰি তালাচী চলাই আয় বর্হিভূত ধন সম্পত্তিৰ তথ্য লাভ কৰে। তাৰ পিছত বিভাগৰ সূত্ৰই জনোৱা মতে চিকিৎসকগৰাকীৰ বেংগালুৰু, কলকাতা আৰু সোণাপুৰত থকা সম্পত্তিৰ লগতে তেওঁ ক্ৰয় কৰা বিলাসী গাড়ীৰ সম্ভেদ লাভ কৰে। ৰেটিনা চেণ্টাৰ নামৰ চকু চিকিৎসা প্রতিষ্ঠানখনে অস্ত্ৰোপচাৰ আৰু আন ব্যয়বহুল চিকিৎসা পদ্ধতিৰ বাবদ কেৱল নগধ ধনেহে ৰোগীৰ পৰা লৈ আহিছিল আৰু এই তথ্য আয়কৰ বিভাগৰ পৰা লুকুৱাই ৰাখিছিল বুলি পোৱা অভিযোগৰ ভিত্তিত আয়কৰ বিভাগে ডা০ আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত তালাচী চলাই আয়কৰ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি বিভাগীয় সূত্ৰই জনাইছে।
Assamese | December 29, 2024 12:12 PM | Income Tax Department
গুৱাহাটীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান