গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিত থকা শ্বোহম এম্পৰিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত যোৱা নিশা সংঘটিত অগ্নিকাণ্ড বর্তমান নিয়ন্ত্ৰণলৈ অহা বুলি অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপ-সঞ্চালক নন্দ সিঙে আজি প্ৰকাশ কৰিছে । ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা নিশা ১২ বজাৰ পৰা আজি পর্যন্ত ২২খন অগ্নিনির্বাপক বাহিনীয়ে অট্টালিকাটোৰ দ্বিতীয় আৰু তৃতীয় মহলাত লগা জুই নিৰ্বাপিত কৰিবলৈ সমৰ্থ হৈছে। অৱশ্যে অট্টালিকাটোত থকা কাপোৰৰ গুডাম এটাত জুই লগাৰ বাবে ধোঁৱা নিৰ্গত হৈ থকা বুলি তেওঁ উল্লেখ কৰিছে। বৃহৎ অট্টালিকাটোত কেনেকৈ জুইৰ সূত্ৰপাত হ’ল সেয়া অনুসন্ধানৰ পাছতহে স্পষ্ট হ’ব বুলি শ্রীসিঙে প্ৰকাশ কৰিছে ।
Assamese | December 10, 2025 9:02 PM | Fire
গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শ্বোহম এম্পৰিয়াত অগ্নিকাণ্ড