November 22, 2025 12:55 PM | Akashvani Sangit Sanmilan

printer

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আজি ৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন

৬৭ সংখ্যক আকাশবাণী সংগীত সন্মিলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব। সন্ধিয়া ৬ বজাত আৰম্ভ হ’বলগীয়া এই সম্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাই বেহেলা বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিবেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক বিশেষকৈ শাস্ত্রীয় সংগীত, লঘু শাস্ত্রীয় আৰু লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্রীয় সংস্কৃতি মন্ত্রালয়ে প্ৰচাৰ ভাৰতীৰ উদ্যোগত ১৯৫৪ চনৰে পৰা দেশৰ বিভিন্ন স্থানত আকাশবাণী সংগীত সম্মিলনৰ আয়োজন কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।