অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা আজিৰে পৰা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি আবেলি এই গ্রন্থমেলাৰ দ্বাৰ মুকলি কৰে। অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া কাৰ্যসূচীৰে হবলগীয়া এই গ্ৰন্থ মেলাত ৰাজ্য আৰু বহিঃৰাজ্যৰ ১১৮টা প্রকাশন গোষ্ঠীসহ ৩৫০ খন বিপণীয়ে গ্রন্থ মেলাত অংশগ্ৰহণ কৰিছে। অহা ৩১ ডিচেম্বৰত গ্ৰন্থমেলাৰ বাকৰিত এইবছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক প্ৰদান কৰা হ’ব।
Assamese | December 27, 2024 6:06 PM | Asom Book Fair
গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা আৰম্ভ