কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত ৰাজ্যজুৰি স্বাস্থ্য সেৱা অধিক উন্নীতকৰণ, আন্তঃগাথনি উন্নত কৰা, স্বাস্থ্যসেৱাৰ গুণগত মান বৃদ্ধি কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰা হয় ৷ এই বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ অসমৰ অধ্যক্ষ দুগৰাকীৰ লগতে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
Assamese | November 8, 2025 8:20 PM | Pratap Rao Jadav
গুৱাহাটীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু আয়ুষ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বৈঠক