ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহনে আজি গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত থাকে। মিছন বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সফলতাৰ পাছত গ্ৰহণ কৰিবলগীয়া তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ ভূমি ব্যৱস্থাপনা আৰু ভূমি ৰাজহ ব্যৱস্থাত যোগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যখনৰ চাহ জনগোষ্ঠী, খিলঞ্জীয়া লোক আৰু বহুকেইটা প্ৰজন্মৰ পৰা ৰাজ্যখনৰ বসবাস কৰি অহা ভূমিহীন নাগৰিকসকলে সন্মুখীন হোৱা প্ৰতিবন্ধকতাসমূহ আঁতৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব। কর্মশালাখনত বিভাগৰ আয়ুক্ত আৰু প্ৰধান সচিবকে ধৰি বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।
Assamese | September 7, 2024 7:35 PM | Assam | JogenMohan | Minister | Mission basundhara
গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত মন্ত্রী যোগেন মহন