গুৱাহাটীত প্ৰথমবাৰৰ বাবে অহা ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ উত্তৰ-পূব পেৰা গেমছ অনুষ্ঠিত হ’ব। এই ক্রীড়া সমাৰোহত উত্তৰ-পূবৰ দিব্যাংগ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এই সমাৰোহত পেৰা এথলেটিকছ, পেৰা ছুইমিং, পেৰা বেডমিণ্টন আৰু পেৰা টেবুল টেনিছ অনুষ্ঠিত হ’ব। পেৰা এথলেটিকছত ১০০ মিটাৰ, ১৫০০ মিটাৰ দৌৰৰ লগতে শটপুট, ডিছকাছ থ্রো আৰু লং জাম্প অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, পেৰা ছুইমিঙত ৫০ মিটাৰ আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইল, ৫০ মিটাৰ আৰু ১০০ মিটাৰ বেকষ্ট্ৰোকৰ লগতে ৫০ আৰু ১০০ মিটাৰ ৱেষ্টষ্ট্রোক অন্তৰ্ভুক্ত কৰা হৈছে। ১০০ মিটাৰ বাটাৰ ফ্লাই আৰু ৪ ইন্টু ১০০ মিটাৰ ফ্ৰীষ্টাইল ৰিলেও পেৰা ছুইমিঙত অন্তৰ্ভুক্ত কৰা হৈছে।
Assamese | November 24, 2024 7:19 PM | North East Pera Games
গুৱাহাটীত প্ৰথমবাৰৰ বাবে ২৭ – ২৯ নৱেম্বৰত উত্তৰ-পূব পেৰা গেমছ