আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আয়োজন কৰা ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্রগতিশীল পথ শীর্ষক সন্মিলনখনৰ আজি সামৰণি পৰে সামৰণি অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি ন্যায়াধীশ মানস ৰঞ্জন পাঠক, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাজ আলী, ভাৰতীয় আইন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ভি কে আহুজাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্রহণ কৰে। সন্মিলনৰ কালি প্ৰথম দিনাৰ উদ্বোধনী কাৰ্যসূচীত আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অর্জুন ৰাম মেঘৱালে অংশগ্ৰহণ কৰিছিল।
Assamese | May 19, 2024 9:06 PM | Criminal Law
গুৱাহাটীত অনুষ্ঠিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্রগতিশীল পথ শীর্ষক সন্মিলনৰ সামৰণি