July 31, 2026 11:57 AM | guru dakhina

printer

গুৰু দক্ষিণা প’ৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্রণালী প’ৰ্টেলৰ আবেদন দাখিলৰ সময়সীমা বৃদ্ধি

বিদ্যালয় শিক্ষা বিভাগে গুৰু দক্ষিণা প’ৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্রণালী প’ৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা ৯ আগষ্টৰ নিশা ১২ বজালৈ বৃদ্ধি কৰিছে। পূৰ্বে এই প’ৰ্টেলৰ জৰিয়তে আবেদনৰ অন্তিম সময়সীমা আজি পৰ্যন্ত ধাৰ্য কৰা হৈছিল। বিদ্যালয় শিক্ষা বিভাগৰ জাননী অনুসৰি যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়াও এই প’ৰ্টেলত আবেদন কৰা নাই, তেওঁলোকে ৯ আগষ্টৰ নিশা ১২ বজাৰ ভিতৰত আবেদন নকৰিলে দুয়োটা প’ৰ্টেল স্বয়ংক্রিয়ভাৱে বন্ধ হৈ যাব। উল্লেখযোগ্য যে অপ্রাদেশিকীকৃত শিক্ষক-শিক্ষয়িত্ৰীসকলক এককালীন আর্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে যোৱা ১৫ মাৰ্চত এই অনলাইন মঞ্চ আৰম্ভ কৰা হৈছিল। অপ্ৰাদেশীকৃত প্রাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰীসকলে এই প’ৰ্টেলৰ জৰিয়তে আবেদন কৰি চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰিবলৈ সমৰ্থ হ’ব।