গাজাৰ উত্তৰ প্ৰান্তৰ বেট লাহিয়াত কালি ইজৰাইলে চলোৱা আক্ৰমণত ৭০ জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ধ্বংসস্তুপৰ মাজত বহু লোক এতিয়াও আৱদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে বুলি গাজাৰ চৰকাৰী সংবাদ কার্যালয়ে প্ৰকাশ কৰিছে। ইজৰাইলৰ সেনাই ১৬ দিন ধৰি দখল কৰি ৰখাত গাজাৰ উত্তৰ প্ৰান্তত খাদ্য, পানী তথা স্বাস্থ্যসেৱা সম্পূৰ্ণ বিচ্চিন্ন হৈ পৰিছে, যাৰ ফলত অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। অৱশ্যে ইয়াৰ মাজতো ইজৰাইলী সুৰক্ষা বাহিনীয়ে ৭০ জনৰো অধিক লোকৰ প্ৰাণহানি হোৱা বুলি হামাছে কৰা দাবীক অতিৰঞ্জিত তথ্য বুলি অভিহিত কৰিছে।
Assamese | October 20, 2024 6:27 PM | israel hamas war
গাজাৰ উত্তৰ প্ৰান্তত ইজৰাইলৰ আক্ৰমণত ৭০ জনৰো অধিক লোকৰ মৃত্যু