কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ’ব। ৭৩১ বিঘা ভূমিত নির্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত দুহেজাৰ গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, এহেজাৰ ৬২০ গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, ৭২টা আবাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা-সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেচন আৰু গ্রাফিক্ছ, ড্রোণ আৰু নেভিগেচন প্রযুক্তি, থ্রী ডি প্রিন্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ’ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ পৰিদৰ্শন কৰে। ৫ হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ই পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব।
Assamese | November 8, 2025 8:11 PM | FM in Assam
গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন