যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়া আৰু তেলেংগানাৰ মুখ্যমন্ত্রী এ আৰ ৰেড্ডীয়ে আজি খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ অষ্টম সংস্কৰণৰ শুভংকৰ আৰু প্ৰতীক মুকলি কৰে। অহা ১১ৰ পৰা ২২ ডিচেম্বৰলৈ তেলেংগানাৰ ছখন চহৰত এই খেলসমূহ অনুষ্ঠিত হ’ব।
এই উপলক্ষে দিয়া ভাষণত ড০ মাণ্ডাভিয়াই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলক ক্রীড়াৰ মাধ্যমেৰে সংযোগ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে ক্রীড়াক দেশৰ বিকাশৰ দৃষ্টিভংগীৰ অপৰিহাৰ্য অংশৰূপে স্বীকৃতি দিছে।
তেওঁ কয় যে খেলো ইণ্ডিয়াৰ যুৱ ক্রীড়া, উপকূলীয় ক্রীড়া, শীতকালীন ক্রীড়া আৰু জনজাতীয় ক্রীড়াকে ধৰি বিভিন্ন ক্রীড়া প্রতিযোগিতাসমূহ খেলো ইণ্ডিয়াৰ অধীনত অনুষ্ঠিত কৰাৰ লগতে যুৱক-যুৱতীসকলক খেল-ধেমালিত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত উৎসাহ যোগাই আহিছে। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে প্রকাশ কৰা মতে এই ক্রীড়া সমাৰোহত প্রায় ৮ হাজাৰ এথলীট আৰু খেলুৱৈয়ে অংশগ্রহণ কৰিব।