গুৱাহাটীৰ খাৰঘূলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক আজি জল বৰ্ডৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি আংশিকভাৱে ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ১১লাখ ৯৬ হাজাৰ ৫০০ টকাৰ ক্ষতিপূৰণ দিয়া হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এটা প্ৰতিনিধি দলৰ সৈতে গৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চেক প্ৰদান কৰে।
Assamese | January 4, 2025 6:20 PM | Jayanta Malla Baruah
খাৰঘূলিৰ পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ক্ষতিপূৰণ প্ৰদান