ভাৰতে The Washington Post নামৰ বাতৰি কাকতখনত খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱন্ত সিং পন্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচা বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাকতখনত ওলোৱা বাতৰি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছোৱালে ইয়াক গুৰুতৰ বিষয় সন্দৰ্ভত অবাঞ্চিত আৰু ভিত্তিহীন অভিযোগ বুলি মন্তব্য কৰে। তেওঁ কয় যে সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদ নেটৱৰ্ক সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰকাশ কৰা সুৰক্ষা উদ্বেগৰ বিষয়টো চালি-জাৰি চোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ কমিটীৰ তদন্ত অব্যাহত আছে। কল্পনাপ্রসূত আৰু দায়িত্বহীন মন্তব্যৰ কোনো যুক্তি নাই বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | April 30, 2024 6:24 PM | Khalistani Terrorist
খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱন্ত সিং পন্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচা বুলি ওলোৱা বাতৰি ভাৰতৰ অস্বীকাৰ