ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত আজি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাত গ্রন্থপ্ৰেমীৰ সমাগম দেখা যায়। নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুঁথিপ্রেমী, বিদ্যত সমাজ, শিক্ষাৰ্থী আৰু লেখৰ সাহিত্যিকৰ বিশাল সমাবেশে গ্রন্থমেলাস্থলী উৎসৱৰ লহৰ সৃষ্টি কৰে। আজি বিয়লি আঢ়ৈ বজাত গ্রন্থমেলাথলীত ‘গল্পগাঁথা” শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰে। তেওঁ কয় যে গল্প লেখাটো সহজ নহয়, ই এক প্ৰকাৰৰ বৰ্ণাত্মক কলা। গল্প বুলিলে কাহিনী এটা থাকে যদিও কাহিনী নথকা গল্পক লৈও বিভিন্ন সম্পৰীক্ষা হৈছে বুলি তেওঁ মন্তব্য কৰে।
বিশিষ্ট গল্পকাৰ, কবি অতনু ভট্টাচাৰ্যই পৰিচালনা কৰা অনুষ্ঠানটিত গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, প্ৰশান্ত কুমাৰ দাস, শিৱানন্দ কাকতি, বিতোপন বৰবৰা, অপু ভৰদ্বাজ, মনস্বিনী ৰুণুমী মহন্ত প্ৰমুখ্যে ভালেসংখ্যক লেখক-লেখিকাই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ২৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি পর্যন্ত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে।
Assamese | January 1, 2026 8:11 PM | Assam Book Fair 2025
খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত গ্রন্থপ্ৰেমীৰ সমাগম