কৃষি আৰু কৃষক কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে কয় যে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে ভাৰতবৰ্ষই বিশ্বৰ সৰ্ববৃহৎ খাদ্য ভিত্তিক সুৰক্ষা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি ব্রাজিলৰ কুইয়াবাত অনুষ্ঠিত জি-২০ কৃষি মন্ত্ৰীপৰ্যায়ৰ বৈঠকত ভাষণ দি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে কৃষি উন্নয়নত অগ্ৰাধিকাৰ দিছে। তেওঁ লগতে কয় যে ভাৰতৰ এই পন্থাই উৎপাদনশীলতাতে কেৱল গুৰুত্ব আৰোপ কৰা নহয়, ই অর্থনৈতিক সামাজিক, পাৰিপাৰ্শ্বিক বহনক্ষমতা সুনিশ্চিত কৰা, কৃষকক সমৃদ্ধিশালী কৰা আৰু উন্নয়নৰ বাবে এক ব্যাপক দৃষ্টিভংগী সম্ভৱ কৰি তোলা বিষয়তো গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে বহনক্ষম আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে স্থিতিস্থাপক কৃষি ব্যৱস্থা গঢ়ি তোলা বিষয়ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে৷
Assamese | September 14, 2024 2:48 PM | Ramnath Thakur
খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে ভাৰতবৰ্ষই বিশ্বৰ সৰ্ববৃহৎ খাদ্য ভিত্তিক সুৰক্ষা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছেঃ ৰামনাথ ঠাকুৰ