কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে, কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কালি একাংশ যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰি শ্রীগান্ধীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে প্ৰচাৰ অভিযানৰ সময়ত শাসকীয় দলে কর্ম সংস্থাপনহীনতাৰ ওপৰত আলোকপাত নকৰা বুলি অভিযোগ উত্থাপন কৰে। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আন এটা অনুষ্ঠানত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ শাসনকালত উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বৈষম্যৰ সন্মুখীন হোৱা বুলি দাবী কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলোৱা প্ৰয়াসৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিৰুদ্ধে বৰ্ণ বৈষম্যমূলক ভেদাভেদ ঘটনা অতীতৰূপে পৰিগণিত হৈছে।
Assamese | May 13, 2024 10:55 AM | Election | Rahul Gandhi
কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয় : ৰাহুল গান্ধী