কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা – ই পি এফ অ অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীক বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠান দিৱসত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ড° মন্দাভিয়াই দেশৰ কৰ্মশক্তিৰ সামাজিক আৰু বিত্তীয় কল্যান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সংস্থাটোৰ ঐতিহাসিক ভূমিকাৰ শলাগ লয়। তেওঁ লগতে নতুন উদ্দেশ্য আৰু দৃষ্টিভংগীৰে নাগৰিক কেন্দ্ৰীক সেৱা প্ৰদান কৰিবলৈ সংস্থাটোৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে কৰ্মচাৰীৰ নাম পঞ্জীয়ন আঁচনি ২০২৫ ৰ আৰম্ভ কৰে। যোগ্য কৰ্মচাৰীসকলৰ নাম স্বেচ্ছাই ঘোষণা কৰিবলৈ আৰু পঞ্জীয়ন কৰিবলৈ নিয়োগকৰ্তাসকলক উৎসাহিত কৰাই আজিৰে পৰা প্ৰযোজ্য এই আঁচনিখনৰ মূল উদ্দেশ্য।
Assamese | November 1, 2025 9:37 PM | EPFO
কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীকঃ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়া