ক্রীড়া চালিছী আদালতে পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুঁজত ৫০ কিলোগ্রাম ওজন শাখাত ৰূপৰ পদক প্ৰদানৰ বাবে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগটে জনোৱা আৱেদন খাৰিজ কৰাৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই অন্য আইনী বিকল্পৰ অন্বেষণ কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাই United World Wrestling আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিৰুদ্ধে বিনেশ ফোগটে জনোৱা আৱেদন সন্দৰ্ভত চালিছী আদালতৰ ৰায়ক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে। ভাৰতীয় অলিম্পিক সংস্থাই এটা বিবৃতি যোগে কৈছে যে, ৱিনেশ ফোগটৰ বিষয়টো চালি-জাৰি চোৱাটো সুনিশ্চিত কৰিবলৈ সংস্থাটো বদ্ধ পৰিকৰ। খেলুৱৈ আৰু খেলৰ সৈতে জড়িত সকলোৰে অধিকাৰ আৰু মৰ্যাদা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সংস্থাটোৱে ক্ৰীড়া ক্ষেত্ৰত ন্যায় আৰু নিৰপেক্ষতাৰ পোষকতা কৰি যাব বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে।
Assamese | August 15, 2024 11:51 AM | vinesh phogat
ক্রীড়া চালিছী আদালতৰ মল্লযোদ্ধা ৱিনেশ ফোগটৰ আৱেদন খাৰিজৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাৰ অন্য আইনী বিকল্পৰ অন্বেষণ