সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেব গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ সাহিত্যৰ যোগেদি অসমৰ জনসাধাৰণক একত্ৰিত কৰাৰ কথা উল্লেখ কৰে । তেওঁ লগতে মধ্য যুগত মহাপুৰুষ শ্ৰীশংকৰদেৱে মাগধী, পালি, প্রাকৃত, মৈথেলী আদি ভাষা অধ্যয়ন কৰি ব্ৰজাৱলী ভাষাৰ উৎপত্তি কৰাও বুলিও তেওঁ মত প্ৰকাশ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ ভাস্কৰ বুলি অভিহিত কৰি ড০ দেৱগোস্বামীয়ে ৰাজ্যৰ সকলো ভকত-বৈষ্ণৱক মহাপুৰুষগৰাকীৰ মহাপ্ৰয়াণৰ স্থান কোচবিহাৰৰ মধুৰ সত্ৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। এই আলোচনাচক্ৰত অসমৰ লগতে ওড়িশা আৰু পশ্চিমবংগৰ ভালেসংখ্যক বিশিষ্ট শিক্ষাবিদ আৰু সাহিত্যিকে অংশগ্রহণ কৰে। মহোৎসৱৰ দ্বিতীয় দিনা আজি ভাগৱত শোভাযাত্রা, পালনাম সমাৰোহৰ লগতে থিয়নাম অনুষ্ঠিত হ’ব। বিয়লি ভাগত হ’বলগীয়া মুকলি সভাত বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়াসত্ৰীয়া ড০ বাবুল দাসক অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব। সন্ধিয়া যোৰহাটৰ নৃ-গোষ্ঠীয় সাংস্কৃতিক মঞ্চই সীতাহৰণ, বালিবধ ভাওনা প্ৰদৰ্শন কৰিব।
Assamese | December 25, 2024 12:53 PM | Coach Bihar Madhupur Satra
কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত