কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র অবৈধ বুলি নির্বাচন আয়োগে এটা নির্দেশ যোগে ঘোষণা কৰিছে। এই সংক্ৰান্তত কোকৰাঝাৰ সমষ্টিৰ মুঠ ১৬ খন মনোনয়ন পত্ৰৰ ভিতৰত নৱ কুমাৰ শৰনীয়াৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত অবৈধতাৰ ভিত্তিত নাকচ কৰা হৈছে বুলি ৰিটার্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, সমষ্টিটোৰ সাধাৰণ পৰ্যৱেক্ষক, ৰিটার্নিং বিষয়াৰ লগতে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী তথা তেওঁলোকৰ প্ৰস্তাৱকসকল মনোনয়ন পত্ৰৰ পৰীক্ষণৰ সময়ত উপস্থিত আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রার্থীগৰাকীয়ে অনুসূচিত জনজাতি অন্তৰ্ভুক্ত নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে দিয়া নির্দেশক প্রত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন ইতিপূৰ্বে খাৰিজ কৰিছে। ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। কালি মনোনয়ন পত্রসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দ্বিতা কৰিছে।
Assamese | April 21, 2024 6:16 PM | Lok Sabha Elections 2024
কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র নাকচ