কৈলাশ পৰ্বত আৰু মানস সৰোবৰৰ পবিত্র তীর্থযাত্রা সম্পূৰ্ণ কৰি দ্বিতীয়টো দল আজি গেংটকত উপস্থিত হৈছে। ৪৭ গৰাকী যাত্ৰীৰে গঠিত এই দলটোৱে ২৫ জুনত নাথুলা সীমান্ত পাৰ হৈ কৈলাশ মানস সৰোবৰ তীর্থযাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা সম্পূৰ্ণ কৰাৰ অন্তত তীর্থযাত্রীসকলে ছিকিম চৰকাৰে যাত্ৰাকালত আগবঢ়োৱা সু-ব্যৱস্থা আৰু আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২০ জুনত নাথুলাৰ পৰা ৩৬ গৰাকী তীর্থযাত্ৰীৰ সৈতে এই ঐতিহাসিক কৈলাশ মানস সৰোবৰ যাত্ৰা আৰম্ভ হৈছিল।
Assamese | July 6, 2025 7:51 PM | Kailash Manasarovar Yatra 2025
কৈলাশ পৰ্বত আৰু মানস সৰোবৰ তীর্থযাত্রা সম্পূৰ্ণ কৰি দ্বিতীয়টো দল গেংটকত উপস্থিত