কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ নিৰ্মীয়মান পাণ্ডু বন্দৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ জলপথ আৰু জাহাজ পৰিবহন খণ্ডক সুসজ্জিত কৰাৰ বাবে নিৰ্মাণ কৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক অতি তৎপৰতাৰে আৰু নিয়াৰিকৈ ইয়াৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পাণ্ডু বন্দৰ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ অচিৰেই এই পথটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী গতিশক্তিক ত্বৰান্বিত কৰিবলগীয়া এই প্ৰকল্পই জলপথৰ আন্তঃগাঁথনি সুদৃঢ় কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰকাশ কৰে।
Assamese | October 28, 2024 7:58 PM | Sarbananda Sonowal
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীৰ নিৰ্মীয়মান পাণ্ডু বন্দৰ পৰিদৰ্শন