কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনখুস মান্দাভিয়াই আজি ভার্চুৱেল মাধ্যমেৰে বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন কৰে। ন’বেল বঁটা বিজয়ী ছাৰ চি ভি ৰমনৰ জয়ন্তী উপলক্ষে চেন্নাইৰ তিৰুচিৰাপল্লীত এই সমাৱেশৰ আয়োজন কৰা হয় । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে তিৰুচিৰাপল্লীৰ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ খেলপথাৰত এই সমাৱেশৰ আয়োজন কৰে। এন আই টিৰ ত্ৰিচিৰ সঞ্চালক ড০ আঘিলাই ফ্লেগ অফ কৰা এই সমাৱেশত ৪ হেজাৰৰো অধিক এন এছ এছ আৰু এন ৱাই কে এছৰ স্বেচ্ছা সেৱকসকলে অংশগ্ৰহণ কৰে। সমাৱেশৰ অংশ হিচাপে এখন বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে পৰিৱেশ সচেতনতা সৃষ্টিৰ উদ্দেশ্যে মাতৃৰ নামত এজোপা গছ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সমাৱেশত বিজ্ঞানী চি ভি ৰমনৰ জীৱন সন্দৰ্ভত বক্তৃতানুষ্ঠানৰ লগতে স্বচ্চতা অভিযান, যোগাসন, বিজ্ঞান প্রতিযোগিতা আদি অনুষ্ঠিত হয়।
Assamese | February 27, 2025 8:19 PM | Mansukh Mandavya
কেন্দ্ৰীয় মন্ত্ৰী মনখুস মান্দাভিয়াৰ বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন