July 11, 2026 10:23 AM | Sarbananda-Shah

printer

কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

দেশৰ উপকূলীয় নিৰাপত্তা সুৰক্ষিত কৰি ৰখাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে বন্দৰ নিৰাপত্তা-বি অ’ পি এছ স্থাপনৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনাৰ হকে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এইদৰে কয়। শ্রী শ্বাহে লগতে কয়, যে কেরল অনুজ্ঞা পত্র থকা ব্যক্তিগত নিৰাপত্তা সংস্থাসমূহকহে বন্দৰ নিৰাপত্তাৰ দায়িত্ব অর্পণ কৰাৰ লগতে কেন্দ্রীয় উদ্যোগীক নিৰাপত্তা বাহিনী- চি আই এছ এফৰ দ্বাৰা প্রশিক্ষিত কর্মীকহে এই ক্ষেত্রত নিয়োজিত কৰিব লাগে। তেওঁ বন্দৰ নিৰাপত্তা প্রশিক্ষণ প্রতিষ্ঠানত বৰ্তমানৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰি প্ৰশিক্ষণ আৰম্ভ কৰাৰ বাবে নির্দেশ দিয়ে। মন্ত্রী শ্রী শ্বাহে বি অপি এছৰ অধীনত নিয়োজিত হ’বলগীয়া সকলো নিৰাপত্তাৰক্ষীৰ বিস্তৃত তথ্য কোষ তৈয়াৰ কৰিবলৈও বিষয়াসকলক নির্দেশ দিয়ে।