কেন্দ্ৰীয় গ্রাহক সুৰক্ষা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন নম্বৰৰ জৰিয়তে প্রাপ্ত অভিযোগৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত সেৱা মূল্য সংযোজন কৰা দেশৰ ৪১খন ৰেষ্টোৰাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।
সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত গ্রাহক পৰিক্ৰমা তথা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে প্ৰাধিকৰণে গ্রাহক সুৰক্ষা আইন ভংগ কৰা ৰেষ্টোৰাসমূহৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নিয়ম উলংঘা কৰাসকলক জৰিমনা বিহাৰ উপৰি অতিৰিক্ত সেৱা কৰ সংযোজন কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে ৰেষ্টোৰাসমূহৰ সেৱা কৰ আদায় দিয়া বা নিদিয়াটো গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। শ্রীযোশীয়ে লগতে এনে নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে অভিযোগ দিবলৈ গ্রাহকসকলক ৰাষ্ট্রীয় গ্রাহক সুৰক্ষা হেল্পলাইন নম্বৰ ১৯১৫ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।