কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাই আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈৰ বাঘপড়ি গাঁৱত জল জীৱনৰ মিছন আঁচনিৰ অধীন নিৰ্মাণ কৰা দুই নম্বৰ খোৱাপানী যোগান আঁচনিখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক, জিলা আয়ুক্ত আদিয়ে সংগ দিয়ে। ইফালে মন্ত্ৰীগৰাকীয়ে আজি তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ সৈতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র উপস্থিত থাকে।
Assamese | August 23, 2024 6:46 PM | Harsh Malhotra Assam Visit
কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোট্ৰাৰ দৰং জিলা ভ্ৰমণ