কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ, চিবিএছইয়ে সতর্কমূলক পৰামৰ্শাৱলীৰ জৰিয়তে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পাঠ্যক্রম, অধ্যয়ন সামগ্ৰী আৰু আৰ্হি প্ৰশ্নকাকত সন্দৰ্ভত ভুল তথ্যত বিচলিত নহ’বলৈ শিক্ষার্থী আৰু অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে। কিছু অনলাইন মঞ্চ তথা ৱেবছাইটে পুৰণি লিংক আৰু সত্যাসত্য নিৰূপণ নকৰা বাতৰিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বিপথে পৰিচালিত কৰাৰ অপচেষ্টাৰ বিষয়ে প্ৰকাশ কৰি পৰিষদে এই সতর্কবাণীৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিচলিত নহ’বলৈ আহ্বান জনাইছে। অকৰ্তৃত্বশীল উৎসৰ পৰা লাভ কৰা তথ্য বিভ্ৰান্তিকৰ হ’ব পাৰে বুলি উল্লেখ কৰি পৰিষদে এই তথ্যসমূহে বিদ্যালয়, ছাত্র-ছাত্রী, অভিভাৱক তথা সংশ্লিষ্ট আটাইৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰে। প্ৰামাণিক তথ্য আৰু শেহতীয়া খবৰৰ বাবে কেৱল পৰিষদৰ ৱেবছাইটতহে চাবলৈ এই পৰামৰ্শাৱলীত আহ্বান জনোৱা হৈছে।
Assamese | June 11, 2024 11:03 AM | CBSE Warning
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সতর্কতামূলক পৰামৰ্শাৱলী