যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে কালি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰে। সংসদত চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱনতিৰ বিষয়ে আলোচনা কৰে। আলোচনা কালত সাংসদগৰাকীয়ে যোৰহাটৰ পৰা জাঁজীলৈ আৰু ডিব্ৰুগড়ৰ পৰা আগলৈ ঘাইপথটোৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও তিনিবাৰ কৈ বাতিল হোৱাৰ কথা জনায়। সাংসদ গগৈৱে নিবিদা প্ৰক্ৰিয়াৰ চতুর্থ পৰ্যায়ত ইতিবাচক ফলাফলৰ আশাৰে শ্ৰীগাডকাৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।
Assamese | July 25, 2024 10:31 AM | Gourav Gogoi
কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাংসদ গৌৰৱ গগৈৰ সাক্ষাৎ